উচ্ছেদিত এগৰাকী মেট্ৰিক পৰীক্ষাৰ্থীৰ মৰ্মবেদনা বুজিব কোনে ?

0 133

শোনিতপুৰ জিলাৰ একাংশ চৰাঞ্চলৰ পৰা উচ্ছেদৰ বলি হৈছে শ শ ছাত্ৰ-ছাত্ৰী। যাৰ বাবে এইবাৰৰ বছেৰেকীয়া পৰীক্ষাৰ লগতে মেট্ৰিক-হায়াৰ চেকেণ্ডাৰী পৰীক্ষাৰ পৰা বঞ্চিত হৈছে বহু ছাত্র-ছাত্ৰী। ইয়াৰে একাংশ মেধাৱী শিক্ষাৰ্থীও আছে যাৰ প্ৰতিভা থকা স্বত্বেও ভাল ফল লাভ কৰিবলৈ সক্ষম নহব।

এইদৰে মেট্ৰিক আৰু হায়াৰ চেকেণ্ডাৰীৰ দৰে শিক্ষা জীৱনৰ দুটা গুৰুত্বপূৰ্ণ পৰীক্ষাৰ ঠিক কেইটামান দিন পূৰ্বে নিজৰ ঘৰ-মাটি হেৰুৱাই সৰ্বস্বান্ত হোৱা দৃশ্য হৃদয় বিদাৰক। নগাঁও জিলাৰ সুতিৰপাৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত চেনিমাৰী এন চি গাৱঁত আশ্ৰয় লৈ এইগৰাকী মেট্ৰিক পৰীক্ষাৰ্থী। নাম ইছাহক আলী। পিতৃৰ নাম মহম্মদ আলী। তেওঁৰ জন্ম লাঠিমাৰী চৰত। তাৰ পৰাই তেওঁ প্ৰায় ১৫ কিলোমিটাৰ নিলগত থকা ফুৰহানিআটি জাতীয় বিদ্যালয় পঢ়ি বৰ্তমান তেওঁ মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হৈছে। অতি মেধা সম্পন্ন ছাত্র গৰাকীৰ পৰীক্ষাৰ আগত উচ্ছেদৰ সন্মুখীন হোৱাৰ পিছত মানসিক ভাবে ভাগি গলেও জুৰীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰীক্ষা কেন্দ্ৰত তেওঁ মেট্ৰিক পৰীক্ষা দি আছে। বৰ্তমান তেওঁ এটা সৰু জুপুৰি ঘৰত থাকি অধ্যায়ন কৰাৰ লগতে পৰীক্ষা দি আছে। তেওঁ বহু আশা কৰিছিল যদিও প্ৰথম বিভাগত উত্তীৰ্ণ হোৱাটো খাটাং বুলি মন্তব্য কৰে।

Leave A Reply

Your email address will not be published.