আজি সংবাদ সেৱীসকলৰ উমৈহতীয়া মঞ্চ গঠনৰ উদ্দেশ্যে কটহগুৰি প্ৰেছক্লাৱ গঠন।

0 127

বৃহত্তৰ কটহগুৰি, বৰিবজাৰ, বেচামাৰী আদি অঞ্চলৰ সংবাদ সেৱীসকলৰ উমৈহতীয়া মঞ্চ গঠনৰ উদ্দেশ্যে আজি কটহগুৰি ফুলজান বিবি এম ই মাদ্ৰাছা প্ৰাঙ্গনত অনুষ্ঠিত হোৱা ৰাজহুৱা সভাত কটহগুৰি প্ৰেছ ক্লাব নামেৰে এটি সাংবাদিক মঞ্চ গঠন কৰা হয়।

কটহগুৰি বাণিজ্যিক মহাবিদ্যালয়ৰ প্ৰৱক্তা আবুল কাছেমৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভা খনত টুকটুকীৰ স্থানীয় সংবাদ দাতা বিশিষ্ট সাংবাদিক তথা অসম ৰাজ্যিক সাংবাদিক সন্থাৰ কেন্দ্ৰীয় কাৰ্য্যনিৰ্বাহক মুস্তাফা ছালিম আহমেদ, সমাজ সেৱক মতিউৰ ৰহমান (বাবলু), নুৰুল হকক মুখ্য উপদেষ্টা মণ্ডলী, বিশিষ্ট সাংবাদিক দ্বয় নজৰুল ইছলাম আৰু ইমামূল ইছলামক কে আদিকৰি বৃহত্তৰ অঞ্চলৰ সমাজসেৱক সকলক উপদেষ্টা সাংবাদিক সকলৰ মাজৰ পৰা নাজিম উদ্দীনক সভাপতি ৰিবুল হকক কাৰ্য্যকৰি সভাপতি হাবিজুৰ ৰহমানক উপ সভাপতি আছিকুৰ আহমেদক সাধাৰণ সম্পাদক, ইকবাল হুছেইন আৰু দিলদাৰ হুছেইনক সহঃ সম্পাদক আনাৰুল হকক কাৰ্য্যলয় সম্পাদক হিচাপে লৈ ৩১ জনীয়া বলিষ্ঠ কমিটি গঠন কৰা হয়।

উল্লেখ্য যে নৱগঠিত প্ৰেছ ক্লাব খনে সাংবাদিক সকলৰ পক্ষে বিভিন্ন দিশত সদায় মাত মাতি যোৱাৰ সংকল্প গ্ৰহণ কৰে। আজিৰ সভাত কটহগুৰি গাঁৱৰ গাওঁবুঢ়া শ্বৰীফ উদ্দীনৰ লগতে বৃহত্তৰ অঞ্চলৰ প্ৰায় অৰ্ধ শতাধিক সমাজ হিতৈষী ব্যক্তি উপস্থিত আছিল ।

Leave A Reply

Your email address will not be published.