আজি অসম বিধান সভাত বাজেট উথ্থাপন কৰিলে বিত্তমন্ত্ৰী অজন্তা নেওগে

0 105

নিউজ ডেস্কঃ আজি বিত্তমন্ত্ৰী অজন্তা নেওঁগে অসম বিধানসভাত উত্থাপন কৰা বাজেটখনক একত্ৰীকৰণ তথা সম্প্ৰসাৰণ বিষয়ক বাজেট আখ্যা দিছে। তেওঁ একত্ৰিত বা সুদৃঢ় শব্দটোৰ দ্বাৰা গুৰুত্বপূৰ্ণ আঁচনিসমূহ একত্ৰিত কৰাকে বুজাইছে।

বিত্তীয় একত্ৰীকৰণ সন্দৰ্ভত তেও মন্ত্ৰীগৰাকীয়ে কয় যে,” জি ডি পি বৃদ্ধিয়ে অৰ্থনৈতিক আৰু বিত্তীয় বিকাশক প্ৰতিফলিত কৰে। বিগত বৰ্ষত ব্যয়ৰ ক্ষেত্ৰত অসমে ১ লাখ কোটি টকাৰ সীমা অতিক্ৰম কৰিছে। এই বৰ্ষত ব্যয়ৰ পৰিমাণ ১.২০ লাখ কোটি টকাত উপনীত হোৱাৰ আশা কৰিছে বিত্তমন্ত্ৰীগৰাকীয়ে।”

বিত্তমন্ত্ৰীগৰাকীয়ে লগতে কয় যে, “ৰাজ্যৰ বিত্তীয় অৱস্থাৰ উল্লেখযোগ্য উন্নতি ঘটিছে। মুঠ ৰাজ্যিক ঘৰুৱা উৎপাদনে ৫.৫০ লাখ কোটি টকাৰ সীমা অতিক্ৰম কৰি ২০২৩-২৪ ত ইতিহাস ৰচনা কৰিব বুলি চৰকাৰ বিশ্বাসী। ২০২১-২২ ত এই জি এছ ডি পিৰ পৰিমাণ আছিল ৩.৯৩ লাখ।”

আনহাতে ৰাজ্য চৰকাৰে ধান ক্ৰয় অভিযানৰ পৰা ৰাজ্যখনৰ ৪৩,৯৭৮ গৰাকী কৃষক উপকৃত হোৱাৰ কথা উল্লেখ কৰি তেওঁ কয়, এই কৃষকসকলে প্ৰায় ১,০৯৭ কোটি টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে। ২০৪০ টকা বৰ্ধিত নূন্যতম সমৰ্থন মূল্যৰে চৰকাৰে এইবাৰ খাৰিফ বতৰৰ শেষলৈকে ১০ লাখ মেট্ৰিকটন ধন সংগ্ৰহৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে।

ৰাজ্য চৰকাৰে বহুদিন ধৰি নিষ্পত্তি নোহোৱাকৈ থকা বিভিন্ন নথিৰ নিষ্পত্তিৰ বাবে সদ্ভাৱনা অভিযান আৰম্ভ কৰিছে। ইয়াৰ উপৰিও কাগজবিহীন প্ৰশাসনৰ আৰম্ভণিৰূপে সচিবালয়ত ই-অফিচ ব্যৱস্থা সম্পূৰ্ণ কৰা হৈছে।

Leave A Reply

Your email address will not be published.