অভয়াপুৰীত নাৰিকল উন্নয়ন বোৰ্ডৰ উদ্যোগত নাৰিকল মেলা-প্ৰশিক্ষণ শিৱিৰ।

0 109

ভাৰতীয় সমাজ জীৱনত নাৰিকলৰ ব্যৱহাৰ হৈছে অতি প্ৰয়োজনীয়। প্ৰতিটো উৎসৱ পাৰ্বন, পূজা, বিহু, ঈদ বা অন্য অন্য সমাজ জীৱনৰ প্ৰায় বোৰ কামত নাৰিকল ব্যৱহাৰ অপৰিহাৰ্য্য। গতিকে প্ৰতিটো পৰিয়ালে সাধ্যানুসাৰে নাৰিকলৰ গছ ৰোপন কৰিব লাগে “। ভাৰত চৰকাৰৰ কৃষি আৰু কৃষক উন্নয়ন মন্ত্ৰালয়ৰ জড়িয়তে নাৰিকল উন্নয়ন বোৰ্ড, অভয়াপুৰীৰ উদ্যোগত আজি বোৰ্ডৰ চৌহদত অনুষ্ঠিত হোৱা নাৰিকল মেলা আৰু কৃষক প্ৰশিক্ষণ শিৱিৰ অনুষ্ঠানত মুখ্য অতিথীৰ ভাষণত এই দৰে মন্তব্য কৰে নাৰিকল উন্নয়ন বোৰ্ড, গুৱাহাটী মাণ্ডলিক কাৰ্যালয়ৰ সঞ্চালক হুনুমন্ত গৌধাই ।

তেওঁ আৰু ভাষণত কয় যে নাৰিকল খেতি কৰা কৃষক সকলে নাৰিকল উন্নয়ন বোৰ্ডৰ জড়িয়তে চৰকাৰে ঘোষণা কৰা বিভিন্ন আঁচনিৰ অধিনত ৰাজ সাহায্য লাভ কৰি এই লাভ জনক আঁচনিৰ সুবিধা ল’ব পাৰে। 1986 চনত অভয়াপুৰীৰ বাতাবাৰীত চল্লিচ হেক্টৰ ভূমিত স্থাপন হোৱা নাৰিকল উন্নয়ন বোৰ্ডত অনুষ্ঠিত হেৱা নাৰিকল মেলা আৰু কৃষক প্ৰশিক্ষণ শিৱীৰ আনুষ্ঠানিক ভাৱে বন্তী প্ৰজ্বলেনেৰে শুভাৰম্ভ কৰে উত্তৰ শালমাৰা মহকুমাৰ কাৰ্যবাহী দণ্ডাধীশ আশিশ কলিতাই ।

অভয়াপুৰী নাৰিকল উন্নয়ন বোৰ্ডৰ সহকাৰী সঞ্চালক বিলিচ ডান বাৰাই আতধৰা সভাত সঞ্চালক হুনুমন্ত গৌধাৰ উপৰিও গুৱাহাটী নাৰিকল উন্নয়ন বোৰ্ডৰ মাণ্ডলিক কাৰ্যালয়ৰ সঞ্চালক ৰজত পাল, উত্তৰ শালমাৰা মহকুমা কৃষি বিভাগৰ জেষ্ঠ এ ডি ও কল্যাণ দাস, বিশিষ্ট সমাজ কৰ্মী বলোৰাম দত্ত আদিয়ে নাৰিকল উন্নয়ন বোৰ্ডৰ বিভিন্ন অঁচনি তথা উন্নয়নৰ কথা বক্তব্যত দাঙি ধৰে ।

ইয়াৰ পিছতে ৰজত কুমাৰ পালৰ সঞ্চালনাত শতাধিক নাৰিকল কৃষকৰ উপস্থিতিত আধুনিক পদ্ধতিত নাৰিকলৰ খেতি কৰি কেনেদৰে লাভৱান হ’ব পাৰি তাৰ ওপৰত প্ৰশিক্ষণ দিয়ে ক্ৰমে গুৱাহাটীৰ মাণ্ডলিক কাৰ্যালয়ৰ কৃষি বিজ্ঞানী ডক্টৰ এল এছ সিং, বঙাইগাৱঁৰ কে ভি কে’ৰ ডক্টৰ অনিৰ্বাণ পূজাৰী আৰু অভয়াপুৰী নাৰিকল উন্নয়ন বোৰ্ডৰ সহকাৰী সঞ্চালক বিলিচ ডান বাৰাই নাৰিকল খেতিৰ বিভিন্ন দিশৰ ওপৰত প্ৰশিক্ষণ দিয়ে। নাৰিকল মেলাত অঞ্চলটোৰ কেইবাটাও আত্ম সহায়ক গোটে নাৰিকলৰ পৰা প্ৰস্তুত কৰা বিভিন্ন সা- সামগ্ৰীৰ বস্তনিজ নিজ ষ্টলত প্ৰদৰ্শণ কৰে । শেষত অভয়াপুৰী নাৰিকল উন্নয়ন বোৰ্ডৰ ক্ষেত্ৰ উন্নয়ন বিষয়া ফৰিজা ছিৰিণ ছাহিদে শলাগৰ শৰাই আগবঢ়ায়।

Leave A Reply

Your email address will not be published.